Show/Hide Keyboard Layout

জিল মিল জোন জ্বলে কপালত

- চাৰু গোঁহাই

জিল মিল জোন জ্বলে কপালত

তিৰবিৰ তৰা জ্বলে নয়নত

মোৰো যে হৃদয় জ্বলে

তোমাৰেই নিবিড় মৰমত ।

 

তোমাৰ ওৰণিৰ আঁৰত

উচুপে উদাসী চকু

তোমাৰে ৰিহাৰে আঁৰত

কঁপিছে মৰমী বুকু

তোমাৰ সপোন ইমান আপোন

তোমাৰ সপোন ইমান আপোন

উজাগৰী নয়নত

তোমাৰেই নিবিড় মৰমত ।

 

মোৰ তুলসী তলত

জ্বলাবা এগছি চাকি

মোৰেই বুকুৰ মাজত

উজাগৰে ৰ’বা ৰাতি

পাখি মেলিলা সোণ পখিলা

পাখি মেলিলা সোণ পখিলা

মোৰ এই জীৱন বনত

তোমাৰেই নিবিড় মৰমত ।।

Hits: 3156